কেইটামান কবিতা
য'ত পোহৰ বেছি
তাতেই গভীৰ হয় ছাঁবোৰ,
নিশা যিমানেই গভীৰ হয়
মোৰ মৰমো গভীৰ হয়
তোমাৰ প্রতি...
মই সাৰে আছো,
হয়তো তুমিও...
এটি মাথো সুন্দৰ,
ৰঙীন মিঠা সপোনৰ
অপেক্ষাত আমি দুয়ো....!!
----------------------------
আজি মোৰ মন-মগজুত
মাথো কল্পনাৰ লুকা-ভাকু !
কেতিয়া আহিব সেই সোণালী দিন ??
যিদিনা তোমাৰ সুকোমল উঠন বুকুত
মুখ গুজি মই পাৰ কৰিব পাৰিম
তৰাফুলা জোনাক নিশাবোৰ
আৰু 'শ্বেয়াৰ' কৰিব পাৰিম
মোৰ বুকুৰ পূঞ্জীভূত দুখ...
জান, মোৰ বৰ ইচ্ছা হৈছে
তোমাৰ সুকোমল ওঁঠত আঁকি দিবলে'
মোৰ মন পূৰ্ণিমাৰ জোন !!!
----------------------------
মই মোৰ এগৰাকী
কবি বন্ধুক সুধিলোঁ,
''তুমি বৰষুণত তিতি
ভালপোৱানে ??''
কবি বন্ধুৰ উত্তৰ :
''হয় ভালপাওঁ,
কিন্তু সদায় নহয় !''
মই ক'লো, ''হুমম...
কবি বিলাকে
এনেয়ো তিতিয়েই থাকে
দুখৰ বৰষুণত...!''
কবি বন্ধু :- ..... (নিমাত)
ණ প্ৰিন্স অবিনাশ