Lamborghini Huracán LP 610-4 t
Prince Abinash

"কেইটামান হাইকু"


(১)

উতলা ফাগুনৰ এই বতৰত
উন্মনা আজি মন,
মোৰ ইচ্ছা-
তোমাৰ সুকোমল ওঁঠত
আঁকি দিবলে'
হেঁপাহৰ এটি জোন....!!



(২)

যোৱা নিশা এজাক
বৰষুণ পৰিছিল..
ৰাতিপুৱা সাৰ পাই উঠি মই দেখো
চোতালত তুমি উভতি যোৱাৰ খোজ...!!


(৩)

নীৰেন মাষ্টৰৰ
একমাত্ৰ জীয়েক
''শান্তি'' হ'ল !

এতিয়াৰে পৰা
ডেকা ল'ৰাবোৰক
অশান্তি দিব তাই !!


ණ প্ৰিন্স অবিনাশ