XtGem Forum catalog
Prince Abinash
** বহাগৰ দুটিমান শ্নেপশ্বট **

(1)
ৰুগীয়া পত্নীৰ চিকিৎসাত সৰ্বস্বান্ত
দিন-হাজিৰা কৰা কণপায়ে
ল'ৰা-ছোৱালী কেইটাক
এইবাৰো দিব নোৱাৰিলে
বিহুৰ পোছাক...!

(2)
জীৱনৰ ওচৰত নতজানু
অ'.বি.বি শিক্ষক বিজিত
স্মৃতি সুঁৱৰি দুখত জৰ্জৰিত
পৰিয়ালটোৰ বাবে
বিহু মানে এতিয়া বৰবিহ...!

(3)
অভিশপ্ত ত্ৰিশ অক্টোবৰত
নিমিষতে ছাই হৈ যোৱা
দুখুনী মালতীৰ কণমাণিটো..
সি আজি থকা হ'লে
খুজি-মাগি হ'লেও
দিলেহেঁতেন তাই
বিহু বুলি এটি নতুন চোলা..!

(4)
যোৱাবাৰ বিহুতে
ৰাংঢালীৰ প্ৰেমত পৰা ৰংমনে
মনে-মনে পাঙিছে
এইবাৰ বিহুতে তাইক
পলুৱাই নিয়াৰ...!

(5)
যোৱাটো বানত সৰ্বস্বান্ত হোৱা
বানে ধোৱা মাজুলীৰ
উপান্ত কৃষক কমলে
শুনা নাই কুলি-কেতেকীৰ মাত,
দেখা নাই কপৌফুল,
দেহ-মনত লগা নাই
বিহুৰ উৎসাহ...!!

ණ প্ৰিন্স অবিনাশ