** বেদুইন (১) **
শব্দহীন আজি মোৰ
জীৱন-পুস্তিকাৰ প্ৰতিটো পৃষ্ঠা !
কিদৰে ভৰুণ কৰি তুলিম ??
তুমিহীনতাৰে জীয়াই থাকিবলে'
খুব কষ্ট হৈছে মোৰ !
শিমলুৰ ৰঙা পাহিবোৰেও
ৰঙীন কৰিব পৰা নাই
আজি মোৰ ভগ্ন-অশান্ত মন !
কিবা যেন উৰুঙা-উৰুঙা,উদাসী এক মন...
উস !
আজি তুমিহীনতাৰে জীয়াই থাকিবলে'
সঁচাই খুব কষ্ট হৈছে মোৰ....!!
জনাতো নাছিলো, প্ৰেমত পৰিলেই
পিন্ধিব লাগিব দুখৰ পোছাক !
ককবকাই থাকিব লাগিব বিষাদৰ নৈত...
হৃদয়খন বিক্ৰী কৰিব লাগিব বিষাদক....!!
যোৱা নিশা এজাক
বৰষুণ পৰিছিল..
ৰাতিপুৱা সাৰ পাই উঠি মই দেখো
চোতালত তুমি উভতি যোৱাৰ খোজ...!!
----------------------------
** বেদুইন (২) **
হঠাতে 'নিৰুদ্দেশ' হৈ যোৱা
ডেকা ল'ৰাটোলৈ
বাট চাওঁতে-চাওঁতে
ভেঁকুৰি যায় বিহুৰ পিঠাবোৰ !
পুত্ৰ শোকত কমি আহে
দুখুনী মাতৃৰ আয়ুস !
কিন্তু মৰমবোৰ ??
এগৰাকী নতুন মাতৃৰ স্তনত
অমৃত বঢ়াৰ দৰেই
বাঢ়ি যায় মৰমবোৰ
প্ৰতিদিন-প্ৰতিপল....!!
----------------------------
ණ প্ৰিন্স অবিনাশ